ৱাৰিয়ৰ্ছ শিৱসাগৰ জিলা সমিতিৰ নতুন কমিটি গঠন
শিৱসাগৰ, ২৫ মে’: শিৱসাগৰ জিলা পলিটেকনিক হাইস্কুলত অনুষ্ঠিত ৱাৰিয়ৰ্ছ শিৱসাগৰ জিলা সমিতিৰ সভাত পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়
সভাখনত প্ৰাঞ্জল প্ৰতিম বুঢ়াগোহাঁইক সভাপতি আৰু ৰঞ্জুমণি বড়াক সম্পাদিকা হিচাপে নিৰ্বাচিত কৰা হয়. মূখ্য উপদেষ্টা ৰূপজ্যোতি নেওগ দত্ত, উপদেষ্টা মণ্ডলীত নিলোফাৰ আনম, কিৰণ বৰুৱা আৰু ৱাহিদ আলী অন্তৰ্ভুক্ত হয়.
উপ-সভানেত্ৰী হিচাপে পাৰবিন বেগম, ৰূপাঞ্জলী গগৈ আৰু তৃষ্ণা গগৈ নিৰ্বাচিত হয়. সহকাৰী সম্পাদক শোণিত গগৈ, জনসংযোগ সম্পাদক তাজ উদ্দিন আহমেদ, সহযোগী সম্পাদিকা চাবেৰা বেগম আৰু বৃত্ত সম্পাদক ইয়াচিন আহেমদক দায়িত্ব অৰ্পণ কৰা হয়.
সদস্য হিচাপে পূৰবী নেওগ, অংকুশ জ্যোতি দত্ত, ৱাহিদা বেগম, নাজলিন বেগম, বৰ্ষা বৰুৱা তামুলী, মছফিকা বেগম আৰু মছফিকা ৰহমান অন্তৰ্ভুক্ত হয়. নতুন সমিতিয়ে সংগঠনটোৰ কাৰ্যকলাপ আগন্তুক দিনত অধিক গতিশীলভাৱে আগবঢ়াব বুলি আশা কৰা হৈছে.
প্ৰতিবেদন: অংকুশ জ্যোতি দত্ত, শিৱসাগৰ


Comments