top of page

বেতবাৰী টাহমূৰা আলি বিধ্বস্ত অংশ‌ই জীয়াতু ভুগাইছে পথাচাৰীৰ -স্হানীয় বিধায়ক তথা মন্ত্ৰী সুশান্ত বৰগোঁহাইলৈ জনতাৰ আহ্বান।

  • Jul 4
  • 1 min read

শিৱসাগৰ: শিৱসাগৰ জিলাৰ অন্তৰ্গত বেতবাৰী মৌজাৰ শতাধিক গ্ৰামাঞ্চলৰ লগতে বকতা মৌজাৰ শতাধিক লোকৰ শিৱসাগৰ নগৰলৈ যাতায়তৰ ক্ষেত্ৰত ঐতিহাসিক টাইমূৰা আলিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বৰ্তমান এই পথটো দুৱৰী গাঁৱ তিনি আলি পৰা চেঙেলীবাৰী মথাউৰি সংযোগ কৰা পৰ্যন্ত পথচোৱাৰ এক প্ৰকাৰৰ বিধ্বস্ত হৈ পৰিছে। যাৰ বাবে এই পথৰ পথাচাৰী দুয়োটা মৌজাৰ লগতে সামূহিক যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে। বিগত চৰকাৰৰ কাৰ্যকালত বেতবাৰী আলিমূৰৰ পৰা দুৱৰী গাঁৱ পৰ্যন্ত পথচোৱাৰ পুন: নিৰ্মাণ কৰা হ'ল যদিও বাকী অংশ কোনো ধৰণৰ মেৰামতি নোহোৱাত এতিয়া পথাচাৰী সকলে এই পথৰে যাতায়ত কৰাত দূৰ্ভোগ ভূগিবলগীয়া হৈছে। পূৰ্বতে এই অঞ্চলটো শিৱসাগৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাত থকা বাবেই পূৰ্বৰ চৰকাৰে বিৰোধী বিধায়ক অখিল গগৈ সমষ্টি উন্নয়নৰ বাহ বাহ ল'বলৈ সুবিধা লাভ কৰিব বুলি সম্পূৰ্ণ ৰূপে পুনৰ্নিমাণ নকৰাকৈ এনেকৈ এৰি দিয়া বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে। কিন্তু তাৰ বিপৰীতে একাংশ লোকে আকৌ সকলো ৰাজনৈতিক অভিযোগ প্ৰতি অভিযোগ এৰি বৰ্তমানৰ বিজেপি বিধায়ক তথা কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ এই পথটো পুনৰ নিৰ্মাণৰ বাবে আহ্বান জনাইছে।

 
 
 

Comments


bottom of page