মধ্য প্ৰাচ্য যুদ্ধ আৰু তৈল সংকটৰ প্ৰেক্ষাপটত জিএছটি হ্ৰাসৰ দাবী
মধ্য প্ৰাচ্যত চলি থকা যুদ্ধ আৰু আন্তঃৰাষ্ট্ৰীয় তৈল সংকটৰ ফলত সমগ্ৰ বিশ্বজুৰি মূল্যবৃদ্ধিৰ চাপ বৃদ্ধি পাইছে। ভাৰততো অত্যাৱশ্যকীয় সামগ্ৰী, পৰিবহণ খৰচ আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ দাম বৃদ্ধি পাই সাধাৰণ জনতাই ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত দেশজুৰি সকলো সামগ্ৰীৰ ওপৰত নিম্নতম ৫ শতাংশ জিএছটি প্ৰযোজ্য কৰাৰ দাবী উত্থাপিত হৈছে।

অৰ্থনৈতিক মহলৰ মতে, ভূটানৰ দৰে সৰু দেশত যদি কম হাৰত কৰ ব্যৱস্থা সফলভাৱে চলিব পাৰে, তেন্তে ভাৰতৰ দৰে বৃহৎ অৰ্থনীতিৰ দেশতো এনে ব্যৱস্থা কাৰ্যকৰী কৰাটো অসম্ভৱ নহয়। বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত কম জিএছটি হাৰ প্ৰয়োগ কৰিলে জনসাধাৰণ কিছু সকাহ পাব বুলি মত প্ৰকাশ কৰা হৈছে।
ইয়াৰ উপৰিও, পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি পেট্ৰলিয়ামজাত সামগ্ৰীক তৎকালেই জিএছটিৰ আওতালৈ অনাৰ দাবীও জোৰদাৰ হৈছে। বিশেষজ্ঞসকলৰ মতে, পেট্ৰলিয়াম সামগ্ৰী জিএছটিৰ অন্তৰ্গত হ’লে কেন্দ্ৰ আৰু ৰাজ্যিক কৰৰ দুবাৰ বোজা হ্ৰাস পাব আৰু ইন্ধনৰ মূল্য কিছু পৰিমাণে নিয়ন্ত্ৰণত থাকিব।
সামাজিক সংগঠন, ব্যৱসায়ী মহল আৰু সাধাৰণ নাগৰিকে কেন্দ্ৰ চৰকাৰক জনস্বাৰ্থত শীঘ্ৰে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।


Comments