নামতিৰ চিৰাখুন্দা গাঁৱৰ উদয় ফুকনৰ আকস্মিক বিয়োগত শোকৰ ছাঁ
নামতি, ১ জুন: নামতি অঞ্চলৰ চিৰাখুন্দা গাঁৱৰ স্থায়ী নিবাসী তথা টাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ দিকচু বৰুৱাপুখুৰী অঞ্চলিক সমিতিৰ সন্মানীয় প্ৰাক্তন উপসভাপতি উদয় ফুকন ডাঙৰীয়াৰ আকস্মিক বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰি টাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ সদস্যসকল, শুভাকাংক্ষী তথা স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰে। সংগঠনটোৰ তৰফৰ পৰা জাৰি কৰা এক শোকবাৰ্তাত কোৱা হয় যে, উদয় ফুকন সমাজমুখী চিন্তা-চৰ্চা আৰু সংগঠনটোৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত এজন নিষ্ঠাবান ব্যক্তি আছিল। তেওঁৰ বিয়োগে সংগঠন তথা সমাজজীৱনত এক অপূৰণীয় ক্ষতি সাধন কৰিলে।
টাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা স্বৰ্গীয় উদয় ফুকনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে, তেওঁৰ আকস্মিক বিয়োগত নামতি অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলেও শোক প্ৰকাশ কৰি পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।


Comments