top of page

নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আদৰ্শৱান, নিষ্ঠাৱান তথা জনপ্ৰিয় শিক্ষক, নাজিৰা নিবাসী শ্ৰী পূৰ্ণ বাইলুংৰ আজি বিয়োগ ঘটাত গভীৰ শোক প্ৰকাশ কৰা হৈছে।

  • Jun 2
  • 1 min read

নাজিৰা, 02 June 2026: নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আদৰ্শৱান, নিষ্ঠাৱান তথা জনপ্ৰিয় শিক্ষক, নাজিৰা নিবাসী শ্ৰী পূৰ্ণ বাইলুংৰ আজি বিয়োগ ঘটাত গভীৰ শোক প্ৰকাশ কৰা হৈছে।



এজন শিক্ষক হিচাপে তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ লগতে সমাজ উন্নয়নৰ বাবে কৰা নিষ্ঠাপূৰ্ণ সেৱা সদায় স্মৰণীয় হৈ থাকিব। তেখেতৰ মৃত্যুত শিক্ষা জগত আৰু সমাজে এজন সৎ, কৰ্মনিষ্ঠ আৰু মূল্যবোধসম্পন্ন ব্যক্তিত্বক হেৰুৱালে।


মৃত্যুৰ সময়ত তেখেতে পত্নী, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া লক্ষী বাইলুং, অসম লোকসেৱা আয়োগৰ বিষয়া দুজন পুত্ৰ, বোৱাৰী তথা অসংখ্য গুণগ্ৰাহী, শুভাকাংক্ষীক এৰি থৈ যায়।


শিক্ষক সমাজৰ এগৰাকী পুৰোধা ব্যক্তি হিচাপে তেখেতৰ আদৰ্শ, নৈতিকতা আৰু কৰ্মপ্ৰেৰণাই সমাজক সদায় বাট দেখুৱাই যাব।


টাই আহোম যুৱ-ছাত্ৰ সন্মিলন, অসমৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ সদ্‌গতি আৰু চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।

 
 
 

Recent Posts

See All
বেতবাৰী টাহমূৰা আলি বিধ্বস্ত অংশ‌ই জীয়াতু ভুগাইছে পথাচাৰীৰ -স্হানীয় বিধায়ক তথা মন্ত্ৰী সুশান্ত বৰগোঁহাইলৈ জনতাৰ আহ্বান।

শিৱসাগৰ: শিৱসাগৰ জিলাৰ অন্তৰ্গত বেতবাৰী মৌজাৰ শতাধিক গ্ৰামাঞ্চলৰ লগতে বকতা মৌজাৰ শতাধিক লোকৰ শিৱসাগৰ নগৰলৈ যাতায়তৰ ক্ষেত্ৰত ঐতিহাসিক টাইমূৰা আলিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বৰ্তমান এই পথটো দুৱৰী গাঁৱ ত

 
 
 

Comments


bottom of page